দক্ষিণ শালমাৰা মানকাচৰ, ২২ অক্টোবৰ (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছে দুজন ড্ৰাগছ ব্যৱসায়ী। ধৃত ব্যৱসায়ী দুজনৰ এজন খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ কানাইমাৰা গাঁৱৰ আজগৰ আলী আৰু আন এজন মানকাচৰ থানা এলেকাৰ কদম তলি গাঁৱৰ মহিবুল ইছলাম বুলি পৰিচয় পোৱা গৈছে।
আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা সন্দেহযুক্ত হেৰ’ইনৰ ৩৩ টা কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। কালি নিশা খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপাপ্ত আৰক্ষী বিষয়া গীতাৰ্থ দেৱনাথৰ নেতৃত্বত এটা আৰক্ষীৰ দলে আজগৰ আলী নামৰ ব্যক্তিজনৰ ঘৰত তালাচী চলাই এই সন্দেহযুক্ত হেৰ’ইনৰ কণ্টেইনাৰখিনি জব্দ কৰিবলৈ সক্ষম হয়।সম্প্ৰতি, খাৰুৱাবান্ধা আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
