ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায়। দেওবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি নাহৰকটীয়া আৰক্ষীৰ এটা দলে নাহৰকটীয়া ৰে’ল গেটৰ সমীপত অভিযান চলাই এক ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। অভিযানটোত ড্ৰাগছ ব্যৱসায়ী নিতুল দাস ওৰফে গুডলু বুলি পৰিচয় পোৱা গৈছে। অভিযানৰ ফলে নাহৰকটীয়াত রে’ল গেটৰ সমীপৰ এক ভাড়াঘৰৰ পৰাই ড্ৰাগছৰ বিশাল ব্যৱসায় চলায় গৈছিল গুডলুৱে। আৰক্ষীয়ে গুডলুৰ ভাড়াঘৰৰ কোঠাৰ পৰা চাবোনৰ কেছৰ লগতে কেইবাটাও কন্টেইনাৰত ৭৭.২৪ গ্ৰাম নিষিদ্ধ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এনডিপিএছ এক্টৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। এই হেৰ’ইন খিনিৰ মূল্য লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে।
BulletsIn
- ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ এক রে’ল গেটৰ সমীপত ড্ৰাগছ বিৰোধী অভিযান চলা আছে।
- অভিযানত নাহৰকটীয়া আৰক্ষীসকলে এটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ জন্য সফল হৈছে।
- অভিযানৰ পৰাই ড্ৰাগছৰ বিশাল ব্যৱসায় নিহিত হৈছে।
- গুডলুৱেৰ ভাড়াঘৰৰ কোঠাৰ পৰা চাবোনৰ কেছৰ লগতে এক নিষিদ্ধ হেৰ’ইন জব্দ কৰা হৈছে।
- অভিযানৰ পৰাই এনডিপিএছ এক্টৰ অধীনত তদন্ত চলা আছে।
- ধৃত গুডলুৱে আগৰ তো বহুবাৰ ড্ৰাগছৰ গোচৰত জেললৈ গৈছিল।
- বেলকৈ আইনৰ সুৰুঙাই দি জেইলৰ পৰা উলাই পূৰ্বতকৈ অধিক হাৰত ড্ৰাগছ বিশাল ব্যৱসায় চলায় গৈছিল।
- আটক হ’বা হেৰ’ইনৰ মূল্য লক্ষাধিক টকা হ’ব বুলি জানা যাৱ।
