–মহাবীৰ জনাৰ পবিত্ৰ জন্ম জয়ন্তীত কোচৰাজবংশীক জনজাতিকৰণ দাৱী আক্ৰাছুৰ
ডিব্ৰুগড়, ২৫ ফেব্ৰুৱাৰী : সদৌ ডিব্রুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত দুদিনীয়াকৈ, ডিব্রুগড় চৌকিডিঙ্গী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত যোৱাকালি ৫১৪ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদ্যাপন কৰে। বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰে লাহোৱাল মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক সৰল দত্তই আৰু মহাবীৰ গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে ডিব্ৰুগড় গৃহৰক্ষী বাহিনী অধীক্ষক সুমন দাসে।
ইয়াৰ পাছতেই নগৰখনত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে।সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে সাংবাদিক হিৰণ্য কৌশিক বৰাই। মহাবীৰ জনাৰ পবিত্ৰ জন্ম জয়ন্তীত কোচৰাজবংশী জনগোষ্ঠীসকলক জনজাতিকৰণ কৰিবলৈ চৰকাৰক দাৱী জনাই আক্ৰাছুৱে।মুকলি সভাত ডিব্ৰুগড় সুৰজমল হনুমানবক্স কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ কৰ্মসূৰ্য ড৹ শশীকান্ত শইকীয়াক মহাবীৰ চিলাৰায় বঁটা প্ৰদান কৰা হয়।
