শোণিতপুৰ, ২৫ ডিছেম্বৰ(হি.স.)। চতিয়াত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। চতিয়াৰ উত্তৰাঞ্চলৰ মনাই চাহ বাগিছাৰ ১১নং লাইনত সংঘটিত হৈছে এই হত্যাকাণ্ড। প্ৰফুল্ল পাতৰ নামৰ পাষান পিতৃয়ে চোকা দাৰে ঘপিয়াই হত্যা কৰিলে নিজৰ ২৫ বছৰীয়া পুত্ৰ প্ৰবীন পাতৰক।
ঘটনাস্হলীত ইটাখোলা আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে হত্যাকাৰী পিতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। হত্যাকাণ্ডক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ
