ইম্ফল, ২১ ডিছেম্বৰ (হি.স.): মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰা হৈছে। আজি আৰক্ষীয়ে দিয়া এক আনুষ্ঠানিক তথ্য অনুসৰি, মণিপুৰৰ ইম্ফল পূব, ইম্ফল পশ্চিম, কাংপোকপি আৰু বিষ্ণুপুৰ জিলাৰ সীমান্ত আৰু সংবেদনশীল অঞ্চলত নিৰাপত্তা বাহিনীৰ দ্বাৰা অনুসন্ধান অভিযান চলোৱা হৈছিল।
অভিযানত কাংপোকপি জিলাৰ পৰা এটা ৭.৬২ মিমি একে-৪৭ এছল্ট ৰাইফল, এটা ৭.৬২ মিমি একে-৪৭ ৰাইফল মেগাজিন, দুটা নং ৩৬ এইচই হেণ্ড গ্ৰেনেড, দুটা ৮১ মিমি মৰ্টাৰ এইচই বোমা, তিনিটা নম্বৰ ৮০ ডব্লিউপি স্মোক গ্ৰেনেড, এটা পিটি ২২ পিষ্টল, তিনিটা ডিটোনেটৰ আৰু সাতটা ৭.৬২ মিমি লাইভ ৰাউণ্ড উদ্ধাৰ কৰা হয়।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ/মনোজ
