কামৰূপ, ০৭ জানুৱাৰী (হি স)। নৱবৰ্ষৰ আনন্দ উল্লাস আৰু ভোগালী বিহুৰ আগমন উপলক্ষে একাংশই আনন্দ ফূৰ্ত্তিত মতলীয়া থকাৰ বিপৰীতে আন একাংশ ব্যস্ত হৈ পৰিছে খেতি পথাৰত। পুহ মহীয়া হাড় কঁপোৱা জাৰকো নেউচি পথাৰে পথাৰে ব্যস্ত পৰিছে কৃষক সকল। নগৰবেৰাৰ জামলাই মাগুৱা পথাৰতো দেখা গৈছে অনুৰূপ দৃশ্য। সমগ্ৰ পথাৰখনতে কৃষক আৰু ৰোৱনীৰ যেন সীমাহীন ব্যস্ততা। সম্প্ৰতি বৰো আৰু ইৰি ধানৰ খেতি কৰাত ব্যস্ত কৃষক সকল।
বকো সমষ্টিৰ বিভিন্ন পথাৰত কৃষক সকলৰ এনে সীমাহীন ব্যস্ততা দেখা পোৱা যায়। ভোগালীৰ আগে আগে পথাৰত কৃষকৰ এনে অন্তহীন ব্যস্ততাই উদ্ভাসিত কৰিছে চহা জীৱনৰ এক জীয়া ছবি। চৰকাৰীভাৱে বৃহৎ পথাৰখনত জলসিঞ্চনৰ কোনো ব্যৱস্থা নাথাকিলেও প্ৰতিটো কৃষক পৰিয়ালে পথাৰত ছেল’পাম্প বহুৱাই বৰো আৰু ইৰি ধানৰ খেতি কৰে। বছৰটোৰ ভাতমুঠি জোগাৰৰ বাবে এনেদৰে প্ৰতিটো কৃষক পৰিয়াল মাগুৱা পথাৰত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। পুৱাৰে পৰা সন্ধিয়ালৈ পথাৰত ব্যস্ত থাকে কৃষক সকল।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
