
দক্ষিণ শালমাৰা মানকাচৰ, ২১ ডিচেম্বৰ (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ড্ৰাগছৰ বিৰুদ্ধে খাৰুৱাবান্ধা আৰক্ষীৰ অভিযান অব্য়াহত আছে। শেহতীয়া অভিযানত যোৱা কালি শনিবাৰে নিশা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট। লগতে আটক বৰাইকান্দি গাঁৱৰ বাসিন্দা সাজিব আহমেদ (২০) নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী।
হাটশিঙিমাৰী সদৰ বজাৰত এক গোপন খবৰৰ ভিত্তিত খাৰুৱা বান্ধা আৰক্ষীয়ে চলাইছিল এই অভিযান। অভিযানত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ১৩১৫ টা আৰ৭ টেবলেট আৰু এটা স্মাৰ্ট ফোন জব্দ কৰে। আৰক্ষীয়ে যুৱক জনৰ বিৰৰদ্ধে এনডিপিএছ আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
