
জোহান্সবাৰ্গ (দক্ষিণ আফ্ৰিকা), ২১ ডিচেম্বৰ (হি.স.): ৰাজধানী জোহান্সবাৰ্গৰ সমীপৰ এটা আৱাসিক এলেকাত পথচাৰীৰ ওপৰত অচিনাক্ত বন্দুকধাৰীয়ে গুলীচালনা কৰাত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০ জন আহত হয়। পশ্চিম ৰেণ্ডৰ বেকাৰছডেলত সংঘটিত হৈছে এই ঘটনা।
দক্ষিণ আফ্ৰিকাৰ বাতৰি কাকত টাইমছ লাইভ আৰু টিএনটি ৱৰ্ল্ডত প্ৰকাশ পোৱা বাতৰি অনুসৰি দেওবাৰে আৰক্ষীৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ এথলেণ্ডা মেথে এই তথ্য প্ৰদান কৰে। অচিনাক্ত বন্দুকধাৰীয়ে ৰাজপথত এই অত্যাচাৰ চলাইছিল বুলিও কয় তেওঁ। আৰক্ষীয়ে জনোৱা মতে, গুলীচালনাৰ উদ্দেশ্য স্পষ্ট নহয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
