দক্ষিণ শালমাৰা মানকাচৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলাত মানকাচৰৰ ২৪৮ নং উৰাৰভূই এল পি স্কুল ( বাওঁফাল ) ভোট গ্ৰহণ কেন্দ্ৰত লোকসভা নিৰ্বাচনৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হৈছে ৭৯ জন ভোটাৰ। কালি সন্ধিয়া প্ৰায় ৬ বজা লৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ থিয় হৈ থাকে যদিও এএছবি জোৱানৰ উগ্ৰ ব্যৱহাৰৰ ভাৱে ভোটদানৰ পৰা বঞ্চিত হয়।
ভোট লোৱা বিষয়া কৰ্মচাৰী সকলে ভোট দিবলৈ সন্মতি দিয়ে যদিও এএছবি জোৱানৰ উগ্ৰ ব্যৱহাৰৰ ভাৱে ভোটদান সাব্যস্ত কৰাৰ পৰা বঞ্চিত হ’ব লগা হয় বুলি মন্তব্য কৰে।
