
শিৱসাগৰ, ১২ ডিচেম্বৰ (হি.স.): শিৱসাগৰ বিশ্বিদ্যালয়ত চাঞ্চল্যকৰ চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা চুৰি হোৱা বাইক ২৪ ঘন্টাতেই উদ্ধাৰ কৰা হৈছে ৷ জয়সাগৰ আৰক্ষীয়ে ২৪ ঘন্টাৰ ভিতৰতেই চুৰি বাইক সহ কুদ্দুছ আলি নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে ৷
কুদ্দুছ আলি শিৱসাগৰ বিশ্ব বিদ্যালয়ৰেই ছাত্ৰ ৷ অভিৰুচন দত্ত নামৰ ছাত্ৰ জনৰ ৰয়েল এনফিল্ড বুলেট খন যোৱা কালি বৃহস্পতিবাৰে দিনৰ ভাগত চুৰি হৈছিল ৷ চি চি চিভিৰ ফুটেজৰ আঁত ধৰি জয়সাগৰ আৰক্ষীয়ে দিচাংমুখ আৰক্ষী চকীৰ অন্তৰ্গত ডিমৌমুখৰ পৰা কালি সন্ধিয়া উদ্ধাৰ কৰে ৷ জয়সাগৰ আৰক্ষীয়ে অভিৰুচণ দত্তৰ এজাহাৰৰ ভিত্তিত বুলেট চোৰ কুদ্দুছ আলিক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
