
বৰপেটা, ১২ ডিচেম্বৰ (হি.স.): বৰপেটা জিলাৰ কেওঁটকুছিত যোৱা কালি বৃহস্পতিবাৰে নিশা এক পথ দূৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে চাৰিচকীয়া ৱেগনৰ বাহন এখনক । এই ঘটনাত এজন লোক আহত হয়,
জানিব পৰ ামতে, গুৱাহাটীৰ পৰা বৰপেটা অভিমূখে গৈ থকা এএছ ০১ বিডি ৫৬১৯ নম্বৰৰ ৱেগন আৰ বাহন খনক এএছ ২৮ চি ৯৯০৭ নম্বৰৰ ডাম্পাৰে সন্মূখৰ পৰা খুন্দা মৰাৰ ফলত দূৰ্ঘটনাটো সংঘটিত হয়। দূৰ্ঘটনাটোত চাৰিচকীয়া বাহনৰ চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত চালকজনক ততাতয়াকৈ বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজত ভৰ্তি কৰোৱায়।
উল্লেখ্য় যে বৰপেটা – দৌলাশাল গুৱাহাটী পথত নিশা ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। এইক্ষেত্ৰত ডাম্পাৰৰ দৌৰাত্ম ৰোধ কৰিবলৈ ৰাইজে প্ৰশাসনলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
