
বৰপেটা, ২৭ জুন (হি.স.): বজালীত এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিছে বজালী আৰক্ষীয়ে। বজালীৰ কাটলা গাঁৱত আৰক্ষীয়ে কৰায়ক্ত কৰে ড্ৰাগছ ব্যৱসায়ীটোক। আটকাধীন ড্ৰাগছ ব্যৱসায়ী জন ৰঙিয়া তুলসীবাৰীৰ কাদেৰ আলী বুলি পৰিচয় পোৱা গৈছে । ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা মুঠ ৩০ টা কণ্টেইনাৰত ৪১ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন আৰু এটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।
বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত আৰু ভৱানীপুৰ আৰক্ষীৰ সহযোগত যোৱাকালি বৃহস্পতিবাৰে বিয়লি ড্ৰাগছ জব্দ কৰাৰ লগতে ব্যৱসায়ীজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । জানিব পৰামতে, এএছ ০১ বিএছ ৫২১৪ নম্বৰৰ আই২০ চাৰি চকীয়া বাহন খনেৰে লৈ কাদেৰ আলীয়ে লৈ আহিছিল ড্ৰাগছ খিনি। দিনৰ পোহৰত কাকো ভ্ৰুক্ষেপ নকৰাকৈ আৰক্ষীৰ বেহু ফালি এনেদৰে নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰাটোৱে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
