নতুন দিল্লী, ২৮ ছেপ্টেম্বৰ (হি.স.)। এছিয়া কাপ ২০২৫ৰ ফাইনেলত ভাৰতীয় দলটোৱে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ বাছনি কৰে। পাকিস্তানক প্ৰথমে বেটিং কৰিবলৈ দিয়ে।
দেওবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ফাইনেলত টছত জয়লাভ কৰাৰ পিছত ভাৰতীয় অধিনায়ক সূৰ্য্যকুমাৰ যাদৱে কয়, উইকেটটো ভাল দেখা গৈছে। লাইটৰ তলত উইকেটৰ উন্নতি হয়। আমি ভাল বেটিং কৰি আহিছো, কিন্তু আজি আমি লক্ষ্য খেদিব বিচাৰিম। তেওঁ লগতে কয় যে দুৰ্ভাগ্যজনকভাৱে আঘাতৰ বাবে হাৰ্ডিক আউট হৈছে।
হাৰ্দিকৰ ঠাইত ৰিংকু সিঙে স্থান পাইছে। মূল বেগী বলাৰ যছপ্ৰীত বুমৰাহ আৰু অলৰাউণ্ডাৰ শিৱম ডুবেও ঘূৰি আহিছে। ইফালে অপৰিৱৰ্তিত হৈ আছে পাকিস্তানৰ দল।
ফাইনেলৰ বাবে দুয়োটা দলৰ বাবে প্লেইং এঘাৰ তলত দিয়া ধৰণৰ:
ভাৰত – অভিষেক শৰ্মা, শুভমন গিল, সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), তিলক ভাৰ্মা, সঞ্জু চেমচন (উইকেটকীপাৰ), শিৱম ডুবে, ৰিংকু সিং, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰা, বৰুণ চক্ৰৱৰ্তী।
পাকিস্তান – চাহিবজাদা ফাৰহান, ফখৰ জামান, ছাইম আয়ুব, ছলমান আঘা (অধিনায়ক), হুছেইন তালাত, মহম্মদ হৰিছ (উইকেটকীপাৰ), মহম্মদ নৱাজ, ফহীম আশ্ৰফ, শ্বাহীন আফ্ৰিদি, হৰিছ ৰাউফ, আব্ৰাৰ আহমেদ।
উল্লেখযোগ্য যে চলিত প্রতিযোগিতাত ভাৰতীয় দলটোৱে পাকিস্তানক দুবাৰকৈ পৰাস্ত কৰিছে ৷ এতিয়া ভাৰতীয় দলটোৱে ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে জয়ৰ হেট্ৰিক লাভ কৰি খিতাপ দখল কৰিবলৈ চকু ৰাখিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
