
হাইলাকান্দি, ০১ জানুৱাৰী (হি.স.): হাইলাকান্দিত আৰক্ষীৰ অভিযানত যোৱা কালি বুধবাৰে সন্ধিয়া জব্দ কৰা হয় সাত হাজাৰ ইয়াবা টেবলেট।হাইলাকান্দি জিলাৰ কাটলিছেৰা আৰক্ষী চকীৰ অৰ্ন্তগত গাজ্ঞাখাউৰী গাঁৱত দুজন যুৱকৰ পৰা প্ৰায় সাত হাজাৰ ইয়াবা টেবলেট জব্দ কৰিছে হাইলাকান্দি আৰক্ষীয়ে।
ধৃত যুবক দুজনৰ নাম ক্ৰমে বুৰান উদ্দিন লস্কৰ আৰু জিয়াবুল হক তালুকদাৰ বুলি জানিব পৰা গৈছে । এই দুই যুবকে জব্দকৃত ইয়াবা টেবলেট খিনি বিক্ৰী কৰিবলৈ আনিছিল । আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত হাইলাকান্দি আৰক্ষীৰ বৃহৎ বাহিনী এই স্থানত গৈ উপস্থিত হৈ দুই যুবকৰ পৰা সাত হাজাৰ ইয়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে। জব্দকৃত ইয়াবা টেবলেতৰ বাজাৰ মুল্য প্ৰায় ২৮ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জনাইছে। দুয়োজন যুৱকক গ্ৰেপ্তাৰ কৰি সোধাপোছা অব্যাহত ৰাখিছে কাটলিছেৰা আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
