ইম্ফল (মণিপুৰ), ২৭ ডিছেম্বৰ (হি.স.): মণিপুৰ আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা আইনৰ উলংঘনৰ ঘটনা সন্দৰ্ভত ৩০৭ জন লোকক আটক কৰিছে। আৰক্ষীয়ে আজি জনোৱা মতে ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ ত ৩২৯ খন আৰু ৰাষ্ট্ৰীয় ঘাইপথ ২ ত ১৬৫ খন বাহনৰ চলাচল অত্যাৱশ্যকীয় সামগ্ৰীৰ সৈতে নিশ্চিত কৰা হৈছে।
বাহনসমূহৰ বাধাহীন আৰু সুৰক্ষিত চলাচল নিশ্চিত কৰিবলৈ সকলো সংবেদনশীল স্থানত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। স্পৰ্শকাতৰ অঞ্চলসমূহত বৃহৎ সংখ্যক নিৰাপত্তা বাহিনীক মোতায়েন কৰা হৈছে। মণিপুৰৰ বিভিন্ন জিলাত পাহাৰ আৰু ভৈয়াম দুয়োখনত প্ৰায় ১৪৫ টা চেকপইণ্ট আৰু চেক-পোষ্ট স্থাপন কৰা হৈছে বুলি আৰক্ষীয়ে সদৰি কৰে।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ/মনোজ
