মানকাচাৰ, ফেব্ৰুৱাৰী : হাটশিঙিমাৰীত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিব ধৰিছে। আৰক্ষীৰ আভিযানত আটক হৈছে তিনিজন সুদখোৰ ।
ধৃত সুদখোৰজন তিনিজনৰ এজন মানকাচৰ থানা এলেকাৰ কাকৰিপাৰা গাঁৱৰ আশাদুৰ ৰহমান বুলি জানিব পৰা গৈছে। আৰু বাকি দুজন কালাপানী আৰক্ষী চকী এলেকাৰ চন্দত ভৌমিক আৰু আমজাদ হোচেইন। কালি নিশা কালাপানী আৰক্ষীয়ে চন্দত ভৌমিক আৰু আমজাদ হোচেইন আটক কৰি মানকাচৰ থানাত চমজাই দিয়ে।মানকাচৰ আৰক্ষীয়ে ইতিমধ্যে দুজন সুধখোৰ বিৰুদ্ধে কেইবাখানো ধাৰাত গোচৰ ৰুজু কৰি সোধপোছ অব্যাহত ৰাখিছে।আন এজনক এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই বুলি জানিব পৰা গৈছে। আনহাতে মানকাচৰ আৰক্ষীয়ে ধৃত সুদখোৰ আশাদুৰ ৰহমানক তিনিদিনৰ জিম্মাত ৰাখিছে বুলি জানিব পৰা গৈছে ।
