গোলাঘাট, ০৩ ডিছেম্বৰ (হি.স.)। গোলাঘাটত হেৰ’ইনসহ গ্ৰেপ্তাৰ হৈছে এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী।
তথ্য অনুসৰি গোলাঘাট জিলাৰ চুঙাজান অঞ্চলত গোপন তথ্যৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। এই অভিযানত ৯০টা চাবোনৰ বাকচত ১.১১৬ কেজি হেৰ’ইন কঢ়িয়াই অনা এখন বাহন জব্দ কৰে। এই সন্দৰ্ভত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।
ছ’চিয়েল মিডিয়াত এই প্রভাৱৰ তথ্য দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইয়াৰ বাবে অসম আৰক্ষীক অভিনন্দন জনাইছে ৷
হিন্দুস্থান সমাচাৰ/শ্ৰী প্ৰকাশ/মনোজ/অৰবিন্দ
