
হাইলাকান্দি, ২৯ ডিচেম্বৰ (হি.স.): হাইলাকান্দিত আৰক্ষীৰ নাকা চেকিঙত যোৱা কালি দেওবাৰে নিশা জব্দ কৰা হয় ১১ কাৰ্টন বিলাতি সুৰা।হাইলাকান্দি জিলাৰ ৰামনাথপুৰ আৰক্ষী চকীয়ে এখন অটোৰ পৰা প্ৰায় ১১ কাৰ্টন বিলাতি সুৰা জব্দ কৰে।
জানিব পৰা মতে এএছ ২৪ এচি ৩৩৭৬ নম্বৰৰ এখন অটো বাহনত ঘাৰমুৰা গেইটৱে এফ এল শ্বপ (GATEWAY FL SHOP)ৰ পৰা প্ৰায় ১১ কাৰ্টন বিলাতি সুৰা এটা খ্ৰীষ্টমাস পাৰ্টিলৈ লৈ গৈ আছিল । ৰামনাথপুৰ আৰক্ষী চকীয়ে নাকা চেকিং চলাই বৃহৎ পৰিমানৰ বিলাতি সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে । ৰামনাথপুৰ আৰক্ষীয়ে লগতে সুৰা কঢ়িয়াই নিয়া অটো বাহন খনো জব্দ কৰিছে । নথি পত্ৰবিহীন এই বিলাতি সুৰা আৰু অটো বাহন জব্দ কৰি ইতিমধ্যে ৰামনাথপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
