কোকৰাঝাৰ, ফেব্ৰুৱাৰী : কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ শীমুলটাপু আৰক্ষীয়ে যোৱাকালি সন্ধিয়া শ্ৰীৰামপুৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই তিনি কোটি টকাৰ গাঞ্জা সহ ডব্লিউবি ২৩ চি ৫৩৪২ নম্বৰৰ এখন ট্ৰাক জব্দ কৰে ৷ শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ ৰায়ৰ নেতৃত্বত নিয়মিত তালাচী চলোৱাত ট্ৰাক খনৰ গোপন চেম্বাৰৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ হয়।
ট্ৰাকখনৰ চালক ৰবি কুমাৰ আৰু পৰিচালক ৰাহুল কুমাৰক আৰক্ষীয়ে আটক কৰে ৷ ধৃত দুয়ো বিহাৰৰ পাটনাৰ বাসিন্দা। ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা মুঠ ১৩০ পেকেট গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় শিমুলটাপু আৰক্ষীয়ে । গাঞ্জাৰ ওজন মুঠ ৪৬৫ কে:জি । জব্দকৃত গাঞ্জাৰ বজাৰ মুল্য প্ৰাই তিনি কোটি টকাৰো অধিক হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷
