আগৰতলা, ১৮ ডিছেম্বৰ (হি.স.): ত্ৰিপুৰা আৰক্ষীয়ে আজি প্ৰায় ১৬০০ ভাঙৰ গছ কাটি জুই লগাই ধ্বংস কৰে। ত্ৰিপুৰাৰ বেলোনিয়া পিআৰবাৰী আৰক্ষী থানাৰ অধীনত ১২৪ বেটেলিয়ন চিআৰপিএফ, টিএছআৰ (পুৰুষ আৰু মহিলা) আৰু বন বিভাগৰ কৰ্মচাৰীসকলে উত্তৰ ৰংমুৰাৰ সাতমাৰা অঞ্চলত এই ভাং ধ্বংস কৰাৰ অভিযান চলায়।
উল্লেখযোগ্য যে প্ৰতি বছৰৰ দৰে এইবছৰো ত্ৰিপুৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ভাং গছ ধ্বংস কৰিছে। ত্ৰিপুৰা আৰক্ষীৰ অভিযান নিৰন্তৰ অব্যাহত আছে। ত্ৰিপুৰা পুলিচে কালি এনেকুৱা এটা অভিযানত ১৮০০০ বিঘা ভাং খেতি নষ্ট কৰিছিল।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ/মনোজ
