
হাইলাকান্দি, ১৩ নৱেম্বৰ (হি.স.): দিল্লীৰ বোমা বিস্ফোৰণক লৈ সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট দি যোৱা কালি বুধবাৰে সন্ধিয়া গ্ৰেপ্তাৰ হয় হাইলাকান্দিৰ এজন যুবক। ধৃত যুৱকজনৰ নাম ফৰিদ উদ্দিন লস্কৰ বুলি জানিব পৰা গৈছে। হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীৰ অন্তৰ্গত ৰংপুৰ প্ৰ্থ্ম খণ্ডৰ পৰা লালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুবকজনক।
দিল্লীৰ ঘটনাক লৈ কোনে লোকে সামাজিক মাধ্যমত পোষ্ট দিলে গ্ৰেপ্তাৰ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই তৎপৰ হৈছে আৰক্ষী কৰ্মীসকল। কাছাৰৰ পিছত এইবাৰ হাইলাকান্দি জিলাতো আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে এজন যুৱকক। ইতিমধ্যে লালা আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি হাইলাকান্দি আদালতত প্ৰেৰণ কৰিছে। ধৃত যুবকজনে সামাজিক মাধ্যমৰ পৰা পোষ্ট ডিলিট কৰি দিছে যদিও হাইলাকান্দি আৰক্ষীয়ে ধৃত যুবকজনৰ মোবাইল জব্দ কৰি পোষ্টটো ওলিওৱাৰ চেষ্টা চলাই আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
