গোলাঘাট, ১৬ জানুৱাৰী (হি স)। ভোগালীৰ আনন্দৰ মাজতে বোকাখাত নগৰত চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে । বোকাখাত নগৰৰ ৪ নং ৱাৰ্ডৰ বিমান দাসৰ বাসগৃহত সোমবাৰে নিশা চোৰে চুৰিকাণ্ড সংঘটিত কৰে ৷
চোৰে ঘৰত প্ৰৱেশ কৰি লুটি নিলে নগদ ধনসহ ৪ লাখ টকাৰ সোণৰ গহনা । ঘৰত মানুহ নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰৰ খিৰিকী ভাঙি চোৰে চলালে চাফাই অভিযান । ইতিমধ্যে বোকাখাত আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
