গোলাঘাট, ১৬ জানুৱাৰী (হি স)। ভোগালী বিহুৰ লগত সংগতি ৰাখি চাহ জনগোষ্ঠী লোক সকলে পালন কৰিছে টুচু পূজা। এই উপলক্ষে চাহ বাগিছাসমূহত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। গোলাঘাটৰ ভাটৌবাৰী চাহ বাগিচাতো চাহ জনগোষ্ঠী লোক সকলে পালন কৰিছে টুচু পূজা।
উল্লেখ্য় যে পৰম্পৰা অনুসৰি টুচু দেবীক প্ৰতি ঘৰে ঘৰে পৰিভ্ৰমণ কৰাই পূজা অৰ্চনা কৰি অপায় অমংগল দূৰ হোৱাৰ কামনা কৰে। লগতে সমাজত সুখ শান্তি বিৰাজ কৰাৰ আশা কৰে। টুচু পূজা উপলক্ষে বাগিচাৰ ডেকা গাভৰু সকলোৱে মিলি ঝুমুৰ নৃত্য কৰি আনন্দ উল্লাস কৰা দেখা যায়।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
