নতুন দিল্লী, ১৬ জানুৱাৰী (হি.স.)। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ উঠা-নমাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে দেশত উৎপাদিত খাৰুৱা তেলৰ ওপৰত প্ৰতি টনত ৬০০ টকাকৈ উইণ্ডফল কৰ হ্ৰাস কৰিছে। একে সময়তে ডিজেল, পেট্ৰ’ল আৰু বিমান টাৰ্বাইন ইন্ধন (এটিএফ) ৰপ্তানিৰ ওপৰত বিশেষ অতিৰিক্ত আবকাৰী শুল্ক (এছএইডি) শূণ্য কৰি ৰখা হৈছে। আজিৰ পৰা (মঙলবাৰৰ পৰা) কাৰ্যকৰী হৈছে এই নতুন হাৰ।
বিত্ত মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি দেশত উৎপাদিত খাৰুৱা তেলৰ উইণ্ডফল টেক্স প্ৰতি টনত ৬০০ টকা হ্ৰাস কৰা হৈছে। এই কৰ্তনৰ পিছত এতিয়া ঘৰুৱা খাৰুৱা তেলৰ উইণ্ডফল টেক্স প্ৰতি টনত ২৩০০ টকাৰ পৰা ১৭০০ টকালৈ হ্ৰাস পাইছে। ইয়াৰ পূৰ্বে ২ জানুৱাৰীত ঘৰুৱা খাৰুৱা তেলৰ উইণ্ডফল টেক্স প্ৰতি টনত ১৩০০ টকাৰ পৰা ২৩০০ টকালৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰ উপৰিও ডিজেল, পেট্ৰ’ল আৰু এ টি এফ ৰপ্তানিৰ ক্ষেত্ৰত এছ এ ই ডি শূন্যত অপৰিৱৰ্তিত ৰখা হৈছে।
উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে চৰকাৰে ২০২২ চনৰ ১ জুলাইত দেশত উৎপাদিত খাৰুৱা তেলৰ ওপৰত উইণ্ডফল টেক্স আৰোপ কৰিছিল। বিগত দুসপ্তাহত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ ওপৰত ভিত্তি কৰি প্ৰতি ১৫ দিনৰ মূৰে মূৰে চৰকাৰে ঘৰুৱা খাৰুৱা তেলৰ ওপৰত উইণ্ডফল টেক্সৰ হাৰ নিৰ্ধাৰণ কৰে।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ
