












































































































যোৰহাট, ১১ নৱেম্বৰ ( হি স )। যোৰহাট জিলাৰ টীয়কৰ মুদৈজান তিনিআলিৰ সমীপত থকা এছ বি আইৰ এ টি এমত যোৱাকালি শুকুৰবাৰে নিশা কোনো দুৰ্বৃত্তই এটিএমৰ চাটাৰ ভাঙি লোট পাট চলাবলৈ চেষ্টা কৰা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে আজি পুৱা এটিএম স্থিত গৃহৰ স্বত্বাধিকাৰীয়ে আজি পুৱা এটিএমৰ চাটাৰখনৰ তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ এটিএম কৰ্তৃপক্ষ আৰু টীয়ক আৰক্ষীক খবৰ দিয়ে। ইতিমধ্য টীয়ক আৰক্ষী আৰু এটিএম কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হৈ স্ব জমিন তদন্ত আৰম্ভ কৰিছে। অৱশ্যে জানিব পৰা মতে যদিও দুৰ্বৃত্তৰ দলটোৱে চাটাৰখনৰ তলা ভাঙি এটিএমৰ ভিতৰত সোমাবলৈ সক্ষম হৈছিল, কিন্তু এটিএমৰ ইন্টাৰ লক তথা অনান্য নিৰাপত্তা বেষ্টনী ভাঙি টকা উলিয়াই নিবলৈ সক্ষম হোৱা নাই।
ইপিনে অনুৰূপ ঘটনা টীয়কৰ কাকজান অঞ্চলতো সংঘটিত হৈছে বুলি জানিবলৈ দিছে একাংশ লোকে। সেয়ে এই ক্ষেত্ৰত উপযুক্ত তদন্ত কৰি দুৰ্বৃত্তৰ দলটোক অনতি পলমে কৰায়ত্ব কৰিবলৈ আৰু নিশা পহৰাৰ ব্যৱস্থা কৰিবলৈও আৰক্ষীক আহ্বান জনাইছে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
