
ডিব্ৰুগড়, ০৮ ছেপ্টেম্বৰ (হি.স.): ডিব্ৰুগড়ৰ টিংখাঙত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। ভতিজাকৰ দাৰ ঘাপত প্ৰাণ গ’ল খুৰীয়েকৰ। যোৱা কালি দেওবাৰে নিশা টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত ন-শ্ৰী পুৰীয়া গাঁৱত সংঘটিত হৈছে এই শিহৰণকাৰী হত্যাকাণ্ড।
গাঁওখনৰ অনিল কেওঁট নামৰ এজন যুৱকৰ উপৰ্যুপৰি দাৰ ঘাপত নিহত হয় কুমলি কেওঁট ( ৫৭ ) নামৰ এগৰাকী মহিলা। নিহত মহিলাগৰাকী হত্যাকাৰী অনিল কেওঁটৰ খুৰীয়েক আছিল। জানিব পৰা মতে এখন স্কুটিক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা কাজিয়াৰ ফলত অনিল কেওঁটে খুৰীয়েক কুমলি কেওঁটৰ ডিঙিত চোকা দাৰে উপৰ্যুপৰি আঘাত কৰে। দাৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
নিশা টিংখাং আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ঘাটক অনিল কেওঁটক আটক কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
