ধুবুৰী, ০৩ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত নিষিদ্ধ গো মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে| যোৱা কালি শনিবাৰে বিয়লি চলোৱা এই অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস সহ এজন ব্যৱসায়ী আটক কৰা হয়|
থানা মোৰৰ পৰা আৰক্ষীয়ে আটক কৰে নিষিদ্ধ মাংস ব্যৱসায়ী আৰজান আলীক | আৰজান আলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৩৫ কিলোগ্ৰাম নিষিদ্ধ মাংস | লগতে জব্দ কৰে এএছ ১৭ কে ৬৩৮৬ নম্বৰৰ মটৰ চাইকেল এখন | আটকাধীন ব্যৱসায়ী জনক বিলাসীপাৰা থানাত সোধা পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে |
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
