
ধুবুৰী, ২৯ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে যোৱা কালি শুকুৰবাৰৰ নিশা খেদি খেদি দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।গৌৰীপুৰ ৰে’ল পথত সৰবৰাহকাৰী দুটাৰ পৰা ৬৭টা কণ্টেইনাৰ আৰু পলিথিন ভৰ্তি বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়।
কণ্টেইনাৰত থকা ড্ৰাগছ খিনিৰ ওজন প্ৰায় ৭৪:৩৫ গ্ৰাম আৰু পলিথিনত থকা ড্ৰাগছ খিনিৰ ওজন ৮০:৬০ গ্ৰাম বুলি কোৱা হৈছে। ধৃত সৰবৰাহকাৰী দুটা হ’ল ক্ৰমে ধুবুৰীৰ ঝোগৰাৰপাৰৰ সাহআলম আহমেদ আৰু কাইম ভাষানিৰ সাহআলম আলী। গৌৰীপুৰ আৰক্ষীয়ে দুয়োকে আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
