বঙাইগাঁও, ফেব্ৰুৱাৰী : আগে আগে মণ্ডল ,পিছে পিছে মণ্ডলক আক্ৰমণ কৰিবলৈ উদ্যত এজাক মহিলা। বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত আজি প্ৰশাসনে উচ্ছেদ কৰিবলৈ অহা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। উক্ত উচ্ছেদ কাণ্ডৰ বাবে ৰাইজে আশীষ মণ্ডলক জগৰীয়া কৰি জবাবদিহি কৰাৰ লগতে গালি-গালাজ কৰি খেদি পঠিয়াই।
ৰাইজে মুলপথত বাহ পেলাই উচ্ছেদ কৰিবলৈ অহা মণ্ডল আৰু প্ৰশাসনৰ লোকক বাধা দিয়ে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মণ্ডলক নিৰাপদে লৈ যায়। উত্তৰ শালমাৰাৰ খগৰপুৰ টিলাপাৰাত তিনিটা পৰিয়ালক কোনো নটিছ জাৰি নকৰাকৈ প্ৰশাসনে উচ্ছেদ কৰিবলৈ অহাত সংঘটিত হল উক্ত ঘটনাটো।
