বাৰ্মিংহাম, ০৩ আগষ্ট (হি.স.)। ৱল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ ২০২৫ৰ দ্বিতীয় ছিজনৰ অন্তিমখন খেলত দক্ষিণ আফ্ৰিকা চেম্পিয়ন দলটোৱে পাকিস্তান চেম্পিয়নছক ৯ উইকেটত একপক্ষীয়ভাৱে পৰাস্ত কৰি খিতাপ দখল কৰে। দক্ষিণ আফ্ৰিকা চেম্পিয়নৰ অধিনায়ক এ বি ডি ভিলিয়াৰ্ছে লক্ষ্যৰ অনুসৰণ কৰি মাত্ৰ ৬০ বলত ১২০ ৰানৰ চমকপ্ৰদ শতক অৰ্জন কৰাৰ লগতে ‘প্লেয়াৰ অৱ দ্য মেচ’ হিচাপে পৰিগণিত হয়। দুয়োটা দলৰ মাজত এই চূড়ান্ত খেলখন বাৰ্মিংহামৰ এডগবষ্টন খেলপথাৰত অনুষ্ঠিত হৈছিল।
ডব্লিউচিএল ২০২৫ ৰ অন্তিমখন মেচত দক্ষিণ আফ্ৰিকা চেম্পিয়ন দলটোৱে পাকিস্তান চেম্পিয়নছৰ বিৰুদ্ধে মাত্ৰ ১৬.৫ অভাৰত মাত্ৰ এটা উইকেট হেৰুৱাই ১৯৬ ৰানৰ লক্ষ্য অৰ্জন কৰি খিতাপ দখল কৰে। ডি ভিলিয়াৰ্ছে ১২০ ৰানৰ এক সুন্দৰ ইনিংছ খেলিছিল য’ত ১২টা চাৰি আৰু ৭টা ছয় আছিল। আনহাতে ডুমিনিয়ে ৫০ ৰানৰ আকৰ্ষণীয় ইনিংছ খেলিছিল।
ইয়াৰ পূৰ্বে পাকিস্তান চেম্পিয়নছৰ দলটোৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। অ’পেনাৰ শ্বাৰ্জিল খানে ৭৬ ৰান কৰাৰ বিপৰীতে উমৰ আমিনে অপৰাজিত ৩৬ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকা চেম্পিয়নৰ সন্মুখত পাকিস্তান চেম্পিয়নে ১৯৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
