
কামৰূপ, ১৩ নৱেম্বৰ (হি.স.)। বাইহাটা চাৰিআলিত আৰক্ষীৰ অভিযানত কালি নিশা জব্দ কৰিব সক্ষম হই অবৈধ ভাবে সৰবৰাহ কৰা সাতটা ম’হ । বাইহাটা চাৰিআলি আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি ছিপাঝাৰৰ পৰা গৌৰীপুৰলৈ অবৈধ ভাবে সৰবৰাহ কৰি আনি থকা অৱস্থাত জব্দ কৰে ম’হ কেইটা । লগতে বাইহাটা আৰক্ষীয়ে ম’হ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা এএছ ০১-আৰচি-৩৫০৩ নম্বৰৰ পিকআপ ভেন এখন জব্দ কৰাৰ লগতে নুৰুল হুছেইন আৰু আখতাৰ হুছেইন নামৰ দুুগৰাকী সৰবৰাহকাৰীক আটক কৰে । দুয়োজনৰে ঘৰ দৰং জিলাৰ ছিপাঝাৰত । জব্দ কৰা ম’হ কেইটা কনিহাস্থিত গোঁশালালৈ প্ৰেৰণ কৰা হৈছে ।অসমত বৰ্তমানো গৰু মহৰ অবৈধ সৰবৰাহ অব্যাহত আছে। গৰু মহৰ একাংশ চোৰাং ব্যৱসায়ী আৰক্ষীৰ চকুত ধুলি দি ভাৰত বাংলাদেশৰ উন্মুক্ত সীমান্তৰে বাংলাদেশলৈ গৰু মহ প্ৰেৰণ কৰি থকা বুলি ধুবুৰী,গৌৰিপুৰৰ একাংশ কোচ ৰাজবংশী সংগঠনৰ নেতাই অভিযোগ উত্থাপন কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
