লক্ষিমপুৰ, : লক্ষিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত চাউলধোৱা আৰক্ষী চকীৰ এলেকাৰ দ-মাটি সোণাপুৰত যোৱাকালি আবেলি এগৰাকী কিশোৰে চিপ লৈ আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰামতে, দ-মাটি সোণাপুৰৰ প্ৰয়াত গণেশ সিং আৰু ভাৰতী দেৱীৰ দ্বিতীয় সন্তান ১৭ বছৰীয়া ববীদল সিঙে ঘৰত কোনো নথকাৰ অৱস্থাত কালি আবেলি নিজ গৃহৰ ভিতৰত এখন শাৰীৰে চিপ লৈ আত্মহননৰ পথ বাচি লয় । জ্যেষ্ঠ ভাতৃয়ে চিপ লৈ অৱস্থাত দেখি কনিষ্ঠ ভাতৃ চিৰঞ্জীত সিঙে শাৰীখন কাটি দিয়ে যদিও ইতিমধ্যে কিশোৰজনৰ মৃত্যু হয় । ঘটনাস্থলীত চাউলধোৱা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
