
শিৱসাগৰ, ১১ ছেপ্টেম্বৰ (হি.স.): শিৱসাগৰৰ খাদ্য, ৰাজহুৱা বিতৰণ ও পৰিক্ৰমা বিভাগৰ অধীক্ষক কালি সন্ধিয়া নাগুইব খানক গ্ৰেপ্তাৰ কৰা হৈছে । সুদীৰ্ঘ ৭ ঘন্টা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় নাগুইব খানক। লগতে জব্দ কৰা হৈছে কেতবোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ । নাগুইব খানক লগতলৈ গুৱাহাটী অভিমুখে ৰাওনা হয় ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাৰ ছয় জনীয়া অভিযানকাৰী দল।
উল্লেখ্য় যে চাৰি হেজাৰ টকা উৎকোচ লওঁতেই বুধবাৰে বিয়লি হাতে-লোতে আটক কৰিছিল নাগুইব খানক। বিলত স্বাক্ষৰ কৰাৰ নামত চাৰি হেজাৰ টকা উৎকোচ লোৱাৰ অভিযোগ উঠিছে। অভিযানকাৰী দলে লৈ যোৱাৰ সময়ত নাগুইব খানে মন্তব্য কৰে -মোৰ হাতত পইচা পোৱা নাই, মোৰ ডায়েৰীত কোনোবাই লুকুৱাই থৈছিল। কেইজনমানে মোক ষড়যন্ত্ৰ কৰি ফচাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
