নগাঁও, নগাঁও জিলাৰ ৰূপহীহাটৰ ৰৌমাৰিত বাৰ্মিজ চুপাৰি ব্যৱসায়িৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্য়াহত ৰাখিছে । আৰক্ষীৰ অভিযানত মঙলবাৰে আবেলি বাৰ্মিজ চুপাৰি ব্যৱসায়ী ৰোমাৰীৰ কোৰবান আলীক আটক কৰা হয়।
ৰোমাৰীৰস্থিত কোৰবান আলীৰ নিজা চুপাৰি ফেক্টৰীত আৰক্ষীয়ে চলাই এই অভিযান ।নিজা চুপাৰি ফেক্টৰীৰ পৰা আৰক্ষীয়ে আটক কৰে কোৰবান অলীক। ফেক্টৰীত চুপাৰি পেকেট কৰাৰ সময়ত ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাইছিল। পেকেট কৰা চুপাৰিখিনি ইতিমধ্যে আৰক্ষীয়ে পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তৰ পিছতহে ওলাব চুপাৰিখিনি থলুৱা নে বাৰ্মিজ।
