
কামৰূপ, ০৬ ছে (হি.স.): কামৰূপ জিলাৰ ৰঙিয়াৰ তেতেলিগুৰিত যোৱা কালি শুকুৰবাৰে নিশা আৰক্ষীৰ অভিযান চলে । অভিযানত ৫ টা কন্টেইনাৰত ড্ৰাগছ উদ্ধাৰ কৰা হয়। লগতে নলবাৰীৰ বিদ্যাপুৰৰ সমৰজিৎ বৈশ্য নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰা হয়।
উল্লেখ্য যে এএছ ০১-০৮৬০ নম্বৰৰ টাটা নেক্সন গাড়ীৰ পৰা উদ্ধাৰ কৰে ড্ৰাগছ খিনি। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সহ সৰবৰাহকাৰীক আটক কৰে । ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিত নাথ আৰু নগৰ উপ-পৰিদৰ্শক বিষ্ণু বৰাৰ নেতৃত্বত এই অভিযান চলায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
