
বঙাইগাঁও, ০৩ জানুৱাৰী (হি.স.): বঙাইগাঁৱৰ চাপাগুৰি ৰোডত যোৱা কালি শুকুৰবাৰে সন্ধিয়া বঙাইগাঁও আৰক্ষীয়ে অভিযান চলায়। অভিযানকালত প্ৰায় ৪৫ হেজাৰ ৫০০ টকা জাল নোট জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
আৰক্ষীয়ে এই জাল নোটসহ ২জনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা দুজনৰ নাম আশাদুল মণ্ডল আৰু জাকাৰিয়া মণ্ডল বুলি জনা গৈছে। ইতিমধ্যে আৰক্ষীয়ে এই দুজনক আটক কৰি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
