ধুবুৰী, ২৯ ফেব্ৰুৱাৰী : ধুবুৰীৰ ছাগলীয়াত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ কৰা হৈছে। ছাগলীয়া আৰক্ষীয়ে অভিযান চলাই আজি পূৱা এখন নেক্সন আৰু এখন বেলেনো বাহন সহ জব্দ কৰে গাঞ্জা খিনি।
আৰক্ষীয়ে গাঞ্জা সহ জব্দ কৰা বাহন খনৰ নম্বৰ ক্ৰমে টিআৰ ০৫ এফ ০৭৭২ আৰু টিআৰ ০১ বিএইছ ০৭৮৭ । বাহন দুখনৰ ৪৬ টা পেকেটত ভৰাই অনা অৱস্থাৰ পৰা জব্দ ২০৩.৭৫ কেজি গাঞ্জা।অভিযানটোত আৰক্ষীয়ে দুজন লোককো আটক কৰে । আটকাধীন লোক দুজনৰ নাম বিজয় দাস আৰু ৰাজ কুমাৰ সৰকাৰ। আৰক্ষীৰ প্ৰাথমিক তদন্তত বাহন দুখন ত্ৰিপুৰাৰ আটৰতলাৰ পৰা পশ্চিম বংগৰ শিলিগুড়িলৈ গৈ থকাৰ তথ্য লাভ কৰে আৰক্ষীয়ে । দুয়োৰে ঘৰ ত্ৰিপুৰাত।অধিক তথ্য উদঘাটনৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
