কোকৰাঝাৰ, ০২ জানুৱাৰী (হি স)। নৱবৰ্ষৰ আৰম্ভণিতে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। গোসাঁইগাঁৱৰ দুই নম্বৰ হুদুমখাতা গাঁৱত যুবকক হানি খুচি হত্যা কৰা হৈছে।
হত্যাকাণ্ডৰ বলি হোৱা যুৱকজন দুই নম্বৰ হুদুমখাতা গাঁৱৰ দীলিপ সৰকাৰৰ পুত্ৰ খোকন সৰকাৰ (২৬) বুলি চিনাক্ত কৰা হৈছে। নিশা চোৰে পানীৰ মটৰ চুৰি কৰিবলৈ আহি যুবক গৰাকী হত্যা কৰাৰ সন্দেহ কৰা হৈছে।
আনহাতে পিতৃয়ে অভিযোগ কৰে যে তেওঁ বিজেপি কৰাৰ বাবে আজি নিজ পুত্ৰক কোনোবাই ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
