
–সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি
চৰাইদেউ, ২৮ জুন (হি.স.): চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত মিৰিপথাৰ গাঁৱত যোৱাকালি শুকুৰবাৰে সন্ধিয়া এক লোমহৰ্ষক ঘটনা সংঘটিত হয় । চিটিংছ নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ অম্লান চেতিয়া নামৰ কালেকচন এজেন্ট জনে কিস্তিৰ ধন তুলিবলৈ যাওঁতে ধন নিদি দাৰ ঘাপ শোধায় পবিত্র গগৈ নামৰ লোক জনে ।
দেহৰ কেইবা ঠাইত দাৰ ঘাপ পৰা এজেন্ট জনক ততালিকে চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হয় । ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আহত লোক জনৰ ঘৰ শিৱসাগৰ মগৰাহাটত বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
