
নগাঁও, ০৬ আগষ্ট (হি.স.): নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল বৰাৰ নেতৃত্বত কচুৱাত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ তীব্ৰ অভিযান। এই অভিযানক ড্ৰাগছ সৰবৰাহকাৰীত জড়িত এগৰাকী মহিলা ধৰা পৰিছে । কচুৱাৰ বিৰিঙাআটি গাঁৱৰ পৰা যোৱাকালি মঙলবাৰে সন্ধিয়া ড্ৰাগছ সহ পাৰ্বতী বিশ্বাস নামৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰীটোক হাতে লোতে গ্ৰেপ্তাৰ কৰা হয়।
পাৰ্বতীৰ পৰা আশীটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৷ ড্ৰাগছৰ ৰমৰমীয়া বেহা কৰা ধৃত পাৰ্বতী বিশ্বাসক পূৰ্বেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমানে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে কচুৱা আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
