
ধুবুৰী, ২৬ জুন (হি.স.): ধুবুৰীৰ চাপৰ টিলাপাৰাৰ সন্তোষপুৰত চোৰৰ উপদ্ৰৱ চলিছে। মডেল স্কুলৰ ফেন চুৰি কৰি আটক হৈছে দুই ড্ৰাগছ আসক্ত যুৱক।ইয়াকে লৈ ধুবুৰী জিলাৰ চাপৰ সন্তোষপুৰ মডেল স্কুলৰ সন্মুখত যোৱাকালি বুধবাৰে বিয়লি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
জানিব পৰা অনুসৰি তিনি গৰাকী লম্পট যুৱকে মিলি মডেল স্কুলৰ পৰা ফেন চুৰি কৰাৰ সময়ত ৰাইজে প্ৰতক্ষো কৰে। পিছত ৰাইজৰ উমান পাই পলাবলৈ চেষ্টা কৰে যদিও দুই গৰাকী চোৰক ৰাইজে আটক কৰে। আন এগৰাকী পলায়ন কৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দীৰ্ঘ দিনৰ পৰাই চাপৰ টিলাপাৰা অঞ্চলত প্ৰায় প্ৰতি নিশাই চুৰি কাৰ্য্য সংঘটিত হৈ আহিছে। অৱশেষত কালি বিয়লি বিয়লিমডেল স্কুলৰ ফেন চুৰি কৰাৰ সময়ত ৰাইজে আটক কৰে সাহা আলম আৰু কাজিমুদ্দীন নামৰ দুই যুৱকক। ঘটনা স্থলিত চাপৰ শালকোচা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি দুই যুৱকক থানালৈ আনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
