
ধুবুৰী, ২৩ জুন (হি.স.): তামাৰহাটৰ বৰুণডাঙ্গাত যোৱাকালি দেওবাৰে নিশা পাগলাহাট আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায়। পাগলাহাট আৰক্ষী নিৰীক্ষণ চকীৰ এছআই হিৰোকজ্যোতি দাসৰ নেতৃত্বত চলে ড্ৰাগছ বিৰোধী অভিযান। অভিযানত আটক এজন ড্ৰাগছ সৰবৰাহকাৰী।
অভিযানত জব্দ কৰা হৈছে ড্ৰাগছ ভৰ্তি ৫ টাকৈ কন্টেনাৰ। ড্ৰাগছ সৰবৰাহকাৰীটো তামাৰহাটৰ উজানপেটলা গাঁৱৰ নুৰ আলম আলী বুলি পৰিচয় পোৱা গৈছে । ধৃত নুৰ আলম আলীৰ পৰা এটা ম’বাইল ফোন আৰু এএছ ১৬ এম ১৪৩৬ নম্বৰৰ চাৰিচকীয়া বাহন জব্দ কৰে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
