
তেহৰাণ, ২৩ জুন (হি.স.)। ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইৰ জ্যেষ্ঠ উপদেষ্টা আলী শ্বামখানীয়ে দেওবাৰে কঠোৰ সতৰ্কবাণী জাৰি কৰি কয় যে ইৰাণৰ গুৰুত্বপূৰ্ণ পাৰমাণৱিক স্থানসমূহত আমেৰিকাই আক্ৰমণ চলোৱাৰ পিছতো দেশখনৰ “সমৃদ্ধ ইউৰেনিয়াম মজুত, থলুৱা জ্ঞান আৰু ৰাজনৈতিক ইচ্ছাশক্তি” সুৰক্ষিত হৈ আছে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত শ্বামখানীয়ে পোষ্ট কৰি কয় যে, পাৰমাণৱিক স্থান ধ্বংস হ’লেও খেল শেষ হোৱা নাই। আমাৰ হাতত এতিয়াও প্ৰকৃত শক্তি আছে।
তেওঁ লগতে কয় যে এতিয়া ৰাজনৈতিক আৰু কৌশলগত সুবিধা সেই পক্ষৰ ওপৰত নিহিত হৈ আছে যিয়ে বুদ্ধিমানৰূপে কাম কৰে আৰু নিৰ্বিচাৰ আক্ৰমণৰ পৰা হাত সাৰে। আশ্বৰ্যজনক প্ৰতিক্ৰিয়া অব্যাহত থাকিব।
শেহতীয়াকৈ আমেৰিকাই ইৰাণৰ পাৰমাণৱিক ঘাটিৰ ওপৰত কৰা বিমান আক্ৰমণৰ প্ৰতিক্ৰিয়া হিচাপে দেখা গৈছে শামখানীৰ এই বক্তব্য। পশ্চিম এছিয়াত উত্তেজনাৰ শিখৰত উপনীত হোৱাৰ সময়তে এই বক্তব্য প্ৰকাশ পাইছে, আৰু আন্তঃৰাষ্ট্ৰীয় সমাজে সংঘাত ৰোধৰ বাবে প্ৰচেষ্টা চলাইছে।
ইৰাণৰ পৰা এইটো এটা স্পষ্ট বাৰ্তা যে ই কেৱল সামৰিকভাৱে প্ৰস্তুত হোৱাই নহয়, পাৰমাণৱিক কাৰ্যসূচীৰ প্ৰতি ইয়াৰ কৌশলগত দৃঢ়তা আৰু দায়বদ্ধতাও অক্ষত আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
