হোজাই। লংকাত ড্ৰাগছ সহ এজন লোকক আটক কৰা হৈছে। লংকা আৰক্ষীৰ অভিযানত ৰে’ল লাইনৰ সমীপৰ পৰা আটক ৪ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ আটক বাপ্পন দাস উৰফে হীৰা দাস নামৰ এজন ২৩ বছৰীয়া যুৱক। আটকাধীন যুৱক জনৰ ঘৰ লংকাৰ ৬ নং ৱাৰ্ডত।
যুৱকজনে হোজাইৰ চিকাৰী গেইটৰ নুৰ আলী নামৰ এজন লোকৰ পৰা নিজে খাৱলৈ ড্ৰাগছ লৈছিল বুলি স্বীকাৰ কৰিছে। বৰ্তমান আটকাধীন যুৱকজনক লংকা আৰক্ষী থানাত ৰাখি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
