
ধুবুৰী, ০৫ ছেপ্টেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। যোৱা কালি বৃহস্পতিবাৰে নিশা বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ আটক কৰে এজনক।
গৌৰীপুৰ আৰক্ষীৰ এক গোপন অভিযানৰ ভিত্তিত গৌৰীপুৰ চিৰাখোৱা ষষ্ঠ খণ্ড অঞ্চলত ড্ৰাগছ অভিযান চলায় । আৰক্ষীৰ অভিযানত ১১৫ টাকৈ কণ্টেনাৰ আৰু দুটাকৈ মোবাইলফোন সহ ছপিকুল ইছলামক আৰক্ষীয়ে গ্ৰপ্তাৰ কৰে। আৰক্ষীয়ে জব্দ কৰা খিনি পৰীক্ষা কৰাৰ পিছতে হেৰ’ইন বুলি জানিবলৈ দিয়ে। মুঠ ১২৫ গ্ৰাম হেৰ’ইন জব্দ কৰে সৰবৰাহকাৰীটোৰ পৰা। সৰবৰাহকাৰীটোক বৰ্তমানে গৌৰীপুৰ আৰক্ষীয়ে আটক কৰি থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
