নগাঁও, ০৭ নৱেম্বৰ (হি.স.): নিষিদ্ধ ড্ৰাগছৰ বিৰূদ্ধে নগাঁৱৰ জুৰীয়া আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলায়। এই অভিযানত ২৫ টা কণ্টেনাৰ ভৰ্ত্তি সন্দেহ যুক্ত হেৰ’ইন সহ আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী।
এক নিশ্চিত সূত্ৰৰ ভিত্তিত নগাঁৱৰ জুৰীয়া আৰক্ষীয়ে জুৰীয়াৰ কলনিজলাহ গাঁৱত চলাইছিল অভিযান। উক্ত অভিযানতে ২৫ টা কণ্টেনাৰ ভৰ্ত্তি সন্দেহ যুক্ত হেৰ’ইন সহ আটক ছাইদুল ইছলাম। ধৃত সৰবৰাহকাৰীৰ পৰা জব্দ কৰা সন্দেহ যুক্ত হেৰ’ইন খিনিৰ পৰিমান ১৩ গ্ৰাম। ইতিমধ্যে জুৰীয়াৰ আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়িটোক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
