নগাঁও, ১৯ অক্টোবৰ (হি.স.): নগাঁও আৰক্ষীৰ চকুত ধুলি দি চোৰে সংঘটিত কৰি গৈছে ইটোৰ পিছত সিটোকৈ চুৰিৰ ঘটনা । যোৱাকালি কাতি বিহুৰ দিনা নগাঁও চহৰৰ মিলনপুৰৰ অজন্তা বৰা নামৰ এগৰাকী মহিলাৰ ঘৰত সন্ধিয়া এক চুৰিকাণ্ড সংঘটিত হয়। মহিলা গৰাকী তেওঁৰ পৰিয়াল সহ ফুৰিবলৈ ওলাই যোৱাৰ পিছত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰটোত চোৰৰ দলে লুটপাট চলায়।
চোৰৰ দলে ঘৰটোৰ পৰা সোণৰ অলংকাৰ সহ ধন লুট কৰি নিয়ে । ঘটনা সন্দৰ্ভত পৰিয়ালৰ তৰফৰ পৰা নগাঁও আৰক্ষীক এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই। ইপিনে নগাঁও চহৰৰ সমীপৰ মাহৰোলৰ এঘৰ লোকৰ ঘৰত চোৰে লুটপাট চলাই সোণৰ অলংকাৰ আৰু ধন লূট কৰি নিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
