লণ্ডন, ১৯ অক্টোবৰ । আজি (বৃহস্পতিবাৰ) ইজৰাইললৈ ৰাওনা হ’ব ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাক। ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ হামাছৰ সৈতে হোৱা যুদ্ধৰ পৰিস্থিতিত ইজৰাইলৰ সৈতে সংহতি প্ৰদৰ্শনৰ বাবে কৰা হৈছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি ইজৰাইল ভ্ৰমণৰ সময়ত ঋষি সুনাকে তেওঁৰ সমকক্ষ বেঞ্জামিন নেতানিয়াহু আৰু ৰাষ্ট্ৰপতি আইজাক হাৰ্জোগক সাক্ষাৎ কৰিব। ভ্ৰমণৰ পূৰ্বে ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে গাজাৰ জনসাধাৰণৰ বাবে মানৱীয় সাহায্যৰ আবেদন জনাই কয় যে পেলেষ্টাইনৰ জনসাধাৰণো হামাছৰ বলি হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ ইজৰাইল ভ্ৰমণৰ মাত্ৰ এদিন পিছতে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ যাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।
