
বৰপেটা, ২৬ আগষ্ট (হি.স.): বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীৰ অধীনস্থ আগমন্দিয়াত যোৱা কালি সোমবাৰে নিশাৰ ভাগত এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৰাইজে ।ৰাইজে খেদি খেদি মৰিগাঁৱৰ শ্বহিদুল ইছলাম (৩০) নামৰ ড্ৰাগছ সৰবৰাহকাৰীক জনক আটক কৰি খুঁটাত বান্ধি ৰাখে ।
পৰৱৰ্তী সময়ত ঘটনা স্থলীত মন্দিয়া আৰক্ষী উপস্হিত হৈ ধৃত শ্বহিদুল ইছলামৰ পৰা চাৰিটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম।উল্লেখযোগ্য যে দীৰ্ঘ দিনৰ পৰাই উক্ত অঞ্চলত একাংশই ড্ৰাগছৰ বেহা তথা সেৱন কাৰ্যৰ লগত জড়িত হৈ অঞ্চলৰ পৰিৱেশ কলুষিত কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । সেয়ে এতিয়া ৰাইজে প্ৰশাসনক ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
