মৰিগাঁও,: মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। এক গোপন সূত্ৰৰ পম খেদি যোৱাকালি সন্ধিয়া মৈৰাবাৰী আৰক্ষীৰ এটা অভিযানকাৰী দলে ভেলৌগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰচাপৰি গাঁৱৰ পৰা আটক কৰে মহিলা সহ দুজনকৈ লোকক।
বৰচাপৰি গাঁৱত পূৰ্বৰে পৰা ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় কৰা লোকজনৰ নাম ইজাহাৰুল ইছলাম। বয়স ৩৩ বছৰ। ধৃত ইজাহাৰুলৰ পৰা মৈৰাবাৰী আৰক্ষীয়ে সাতটা ড্ৰাগছ ভৰ্তি কণ্টিনাৰ, নগদ ১৮ হাজাৰ টকা আৰু কিছু ড্ৰাগছত ব্যবৰ্হিত অবৈধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। আটক হোৱা ইজাহাৰুলক ইতিমধ্যে মৈৰাবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
